নগাবাটৰ পানীখেতিত চাৰিদিন ধৰি বিকল ট্ৰেন্সফৰ্মাৰ
সংবাদদাতা, বৰহোলা:- অসম নগালেণ্ড সীমান্তৱৰ্তী তিতাবৰ মহকুমাৰ অন্তৰ্গত নগাবাট পানীখেতিস্থিত ট্ৰেন্সফৰ্মাৰটো মেৰামতিৰ অভাৱত যোৱা চাৰিদিন ধৰি বিকল হৈ পৰি আছে। সেয়েহে বৰ্তমান অন্ধকাৰত দিন অতিবাহিত কৰিছে অঞ্চলটোৰ প্ৰায় শতাধিক পৰিয়াল । বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ বাবে উৎকট গৰমৰ মাজতে দিন-ৰাতি অতিবাহিত কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰোপৰি, অন্ধকাৰত টিপ চাকি জ্বলাই পঢ়া-শুনা,ৰন্ধা-বঢ়া কৰিবলগা হৈছে অঞ্চলটোৰ শ শ ছাত্র-ছাত্রী আৰু গৃহিণীসকল। বিদ্যুৎ সৰবৰাহ ব্যাহত হোৱাত অনলাইন পাঠ্যক্ৰম ,অনলাইন পৰীক্ষা আদিকে ধৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উঃমাঃ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ বাবে অনলাইন আবেদনৰ বাবেও চিন্তিত হৈ পৰিছে। উল্লেখ্য যে,এবছৰমান পূৰ্বে ৰাইজৰ সংগৃহীত ধনেৰেহে উক্ত ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰা হৈছিল। সেয়েহে এতিয়া ৰাইজৰ প্ৰশ্ন যে বিদ্যুৎ বিভাগৰ কাৰ্যালয়সমূহ খোলা থকাৰ সময়ছোৱাতো কিয় বিকল ট্ৰেন্সফৰ্মাৰটো কাৰ্যক্ষম কৰি তুলিব পৰা নাই। যি সময়ত অসমৰ শক্তি মন্ত্ৰী মহোদয়ে দিনটোৰ চৌব্বিশ ঘণ্টাই অহৰহ বিদ্যুৎ যোগান ধৰা হ'ব বুলি কথাৰ ফুলজাৰিৰে ৰাইজৰ আগত ঢাক ঢোল বজাইছে তেনে সময়ত তিতাবৰ সংমণ্ডল বিদ্যুৎ বিভাগে মাত্ৰ এটা ট্ৰেন্সফৰ্মাৰকে মেৰামতি কৰিব নোৱাৰাটো চৰম পৰিতাপৰ বিষয়েই নহয়, চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ সপোনকো ফুটুকাৰ ফেনলৈ পৰিণত কৰিছে। সীমান্তৰ গাঁও বুলিয়েই ৰাইজৰ অসুবিধাক আওকাণ কৰা হৈছে বুলি সম্প্ৰতি ভুক্তভোগী গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে আৰু তিতাবৰ মহকুমাধিপতিৰ লগতে যোৰহাটৰ উপায়ুক্ত মহোদয়কো বিকল ট্ৰেন্সফৰ্মাৰটি অনতিপলমে কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ বিদ্যুৎ বঞ্চিত ৰাইজে আহ্বান জনাইছে। Read the full article











