সংবাদদাতা, পশ্চিম যোৰহাট : যোৰহাটৰ উত্তৰ-পশ্চিম দিশত ব্ৰহ্মপুত্ৰই তীব্ৰ ৰূপত খহাই আছে। ললিতি মুখ, ৮ নং স্পাৰ এলেকাত এই খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ খহনীয়া দেখি যোৰহাট আৰু গোলাঘাট জিলাৰ একাংশ বাসিন্দাই উজাগৰে দিন কটাবলগীয়া হৈছে। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা দপ্তৰৰ মন্ত্ৰী ডঃ ৰণোজ পেগু, কৃষি আৰু পশুপালন দপ্তৰৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী
কেশৱ মহন্তক ২৩ জুনত যোৰহাট আৱৰ্ত্ত ভৱনত অগপ যোৰহাট জিলাৰ লগতে দেৰগাঁও সমষ্টি আৰু যুৱ পৰিষদৰ লোকসকলে লগ ধৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া সম্পৰ্কত অৱগত কৰাৰ লগতে স্থায়ীকৈ সমাধান কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীকেইগৰাকীক অগপ দলীয় কৰ্মীসকলে সাক্ষাৎ কৰাৰ সময়ত ৯৭ নং দেৰগাঁও বিধান সভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীও উপস্থিত আছিল। উল্লেখ্য, ব্ৰহ্মপুত্ৰই দীৰ্ঘদিনৰে পৰা যোৰহাটৰ উত্তৰ-পশ্চিম দিশত বছৰি বাৰিষা হোৱাৰ লগে লগেই খহায়।
প্ৰত্যেক বছৰে বাৰিষা হোৱাৰ লগে লগেই যোৰহাট আৰু গোলাঘাট জিলাৰ অধিকাংশ বাসিন্দাই বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হয়। কোটিৰ ঘৰত ধনৰ আৱণ্টন হয়। ধনৰ ব্যয়ো হয় কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়া কোনো দিনেই প্ৰতিৰোধ নহয়। বস্তাত বালি ভৰাই মথাউৰিত দিয়াৰ লগতে বাঁহ অথবা পকী পাৰ্কুইপাইন দিয়েই ঠিকাদাৰে চৰকাৰী ধন উলিয়াই নিয়ে। এই কাৰ্য বছৰি হৈ আছে। এই বছৰ ব্ৰহ্মপুত্ৰ খহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবলৈহে অঞ্চলৱৰ্তী ৰাইজে মুখ্যমন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাইছে।
Read the full article