ৰৈয়া ৰৈ.... Rakesh Reeyan || Roiya Roi || ৰাকেশ ৰিয়ান || #january2023 #n...
ASSAMESE MELODY || NEW SONG || ৰৈয়া ৰৈ || ROYA ROI || RAKESH REEYAN || ASSAMESE SONG 2023 ||Official Video Link :-https://youtu.be/vSfHB8j9
d e v o n
Keni
PUT YOUR BEARD IN MY MOUTH
we're not kids anymore.

#extradirty

shark vs the universe

bliss lane
Xuebing Du

oozey mess
KIROKAZE
Stranger Things
The Stonewall Inn

No title available
Claire Keane
noise dept.
NASA
2025 on Tumblr: Trends That Defined the Year
No title available
EXPECTATIONS
Lint Roller? I Barely Know Her

seen from Japan

seen from Albania

seen from Türkiye

seen from United States

seen from United States
seen from United States
seen from United Kingdom
seen from Türkiye

seen from United States
seen from Bulgaria
seen from United States
seen from United States

seen from Germany

seen from Netherlands

seen from United States
seen from United States
seen from United States

seen from United States
seen from United States
seen from United States
@finfonity
ৰৈয়া ৰৈ.... Rakesh Reeyan || Roiya Roi || ৰাকেশ ৰিয়ান || #january2023 #n...
ASSAMESE MELODY || NEW SONG || ৰৈয়া ৰৈ || ROYA ROI || RAKESH REEYAN || ASSAMESE SONG 2023 ||Official Video Link :-https://youtu.be/vSfHB8j9
Bank Loan ৰ বাবে Eligible হ'ব কেনেকৈ ?
বেংক loan ৰ বাবে Eligible হ'বলৈ বহুকেইটা criteria থাকে । যেনে:
১) আপোনাৰ cibil record ভাল হোৱাটো প্ৰয়োজনীয় । আগত লোৱা সৰু ডাঙৰ loan ৰ কিস্তী সময়মতে পৰিশোধ হ'লে cibil ভাল থাকে । এইক্ষেত্ৰত আগতে কোনো loan লোৱা নাথাকিলে যে cibil strong থাকিব তেনে নহয় । বৰঞ্চ একেবাৰে loan নোলোৱাতকৈ loan লৈ সময়মতে পৰিশোধ কৰা history থকা ব্যক্তিৰ cibil strong হয় । আৰু কম সময়ত বহুত কেইটা loan চলি থকা মানুহৰ cibil কিছু ক্ষেত্ৰত week হয় । বেছি দীঘলীয়া পুৰণা loan বেছি দিন ধৰি সময়মতে পৰিশোধ হৈ থকা ব্যক্তিৰ cibil strong হয় ।
২) আপোনাৰ একাউণ্টৰ লগত যদি আগতে লোৱা সৰু সুৰা কোনো loan যেনে Two Wheeler Loan, Refrigerator, TV, AC আদিৰ EMI link আছে তেতিয়াহ'লে সেইবোৰৰ monthly payment সময়মতে হোৱা record থকা উচিত । কোনো loan বা Investment ৰ মাহিলী কিষ্টী bounce নোহোৱাকৈ regularly একাউণ্টৰ পৰা debit হ'ব পৰাকৈ sufficient balance থকা উচিত ।
৩) আপোনাৰ একাউণ্টৰ পৰা অনলাইন transaction হৈ থাকিলে loan ৰ eligibility বাঢ়ে । তাৰ বাবে সকলো ধৰণৰ bill যেনে আপোনাৰ ঘৰৰ Electricity bill, mobile bill, tv recharge, mobile recharge, lic premium আদিবোৰ দীৰ্ঘদিন ধৰি একাউণ্টৰ পৰা অনলাইন payment কৰক । তাৰোপৰি কাৰোবালৈ টকা পঠিওৱা, কিবা বস্তু কিনা আদিত ও যিমান পাৰে অনলাইন payment কৰক । এইক্ষেত্ৰত আপোনাৰ একাউণ্টৰ পৰা যিমান বেছি লেনদেন হ'ব সিমানে ভাল ।
৪) আপোনাৰ একাউণ্টত সকলো সময়তে minimum আৰু average কিমান balance ব্যৱহাৰ নকৰাকৈ জমা থাকে সেইটোও বেংকে লক্ষ্য কৰে । এই balance ৰ পৰিমাণ যিমান বেছি হয় সিমানে ভাল হয় loan ৰ বাবে Eligible হোৱাৰ ক্ষেত্ৰত ।
৫) আপোনাৰ একাউণ্টত প্ৰতিমাহে কিমান টকা উপাৰ্জনৰ টকা হিচাপে জমা হয় সেইটোও বেংকে লক্ষ্য কৰে । এই ক্ষেত্ৰত salary ২০,০০০ - ২৫,০০০ ৰ ওপৰত হ'লেহে loan ৰ ক্ষেত্ৰত কিছু কামত আহিব । তাৰ তলত হ'লে কেৱল Two Wheeler Loan, Refrigerator, AC আদি installment ত লোৱা loan ৰ বাবেহে eligibile হ'ব ।
৬) আপোনাৰ মাহিলী উপাৰ্জনটো এনেকুৱা হ'ব লাগিব যে তাৰ পৰা আপোনাৰ অত্যাৱশ্যকীয় খৰচ কৰাৰ পিছতো আপুনি ল'ব বিচৰা loan ৰ installment দিব পৰাকৈ monthly installmentor ৰ পৰিমাণৰ টকা বা উপাৰ্জনৰ ২০% টকা (যিটোৰ পৰিমাণ বেছি হয়) আপোনাৰ হাতত বা একাউণ্টত থাকে । মানে আপোনাৰ উপাৰ্জনৰ টকাৰে মাহটোৰ সকলো প্ৰয়োজনীয় খৰচ কৰিও কোনো অসুবিধা নোহোৱাকৈ loan ৰ কিষ্টি পৰিশোধ কৰিব পৰা যোগ্যতা থাকিব লাগিব ।
৭) আগতে যদি আন কাৰোবাৰ হৈ loan ৰ guarantor হৈছিল আৰু তেওঁ যদি loan ঠিকমতে পৰিশোধ কৰিব পৰা নাই তেওঁৰ loan ৰ negative impact আপোনাৰ তাত পৰিব আৰু আপুনি ভৱিষ্যতে loan ৰ বাবে ineligible হ'ব । গতিকে loan পৰিশোধ কৰিব নোৱাৰা মানুহৰ loan ৰ guarantor কেতিয়াও নহ'ব । সেইটো কথা সাধাৰণতে কিছুমান মানুহৰ ক্ষেত্ৰত আগতে গম পোৱা নাযাব পাৰে যে তেওঁ সময়মতে loan পৰিশোধ কৰিব পাৰিব নে নোৱাৰিব, গতিকে পৰাপক্ষত কাৰো loan ৰ guarantor নোহোৱাটোৱেই ভাল ।
Youtubeৰ Videoৰ বাবে content ক'ৰ পৰা কেনেকৈ পাব ??
আপুনি যদি ইউটিউব video বনায় আৰু প্ৰতিদিনে নতুন নতুন video বনাই থাকিবলৈ যদি content ৰ idea মনলৈ অহা নাই তেতিয়া কি কৰিব ? ক'ৰ পৰা কেনেকৈ পাব content ৰ concept ? চিন্তাৰ কাৰণ নাই । তাৰ ও উপায় আছে । তাৰ বাবে আপুনি কিতাপ পঢ়িব লাগিব । আপোনাৰ পছন্দ অনুযায়ী মনোগ্ৰাহী বিষয় পঢ়িব পাৰে । কিতাপ পঢ়াৰ কথা জানি যদি আমনি পাইছে তেতিয়াও চিন্তাৰ কাৰণ নাই । আজিকালি ebook, audio-book, video-book ও যথেষ্ঠ পৰিমাণে উপলব্ধ হৈছে তাকো বিনামূল্যে । তাৰোপৰি এই audio বা video book শুনিবলৈ বা চাবলৈ এখন কিতাপ পঢ়াৰ সমান সময় ও নালাগে । কাৰণ একোখন কিতাপৰ সাৰাংশ বনাই audio/video book বোৰ বনোৱা হয় । ১৫ মিনিট, আধা ঘণ্টা বা খুব বেছি এঘণ্টাতে একোখন কিতাপ শুনি বা চাই শেষ কৰিব পাৰি । কিন্তু এই কিতাপবোৰ আপোনাৰ video বনোৱা কামত লগাবলৈ এটা discipline maintain কৰিব লাগিব । আপুনি কোনখন কোনখন কিতাপ পঢ়িব, কোনখনৰ পিছত কোনখন পঢ়িব বা কেতি়য়া কোনখন কিতাপ পঢ়িব; আপোনাৰ ৰুচি অনুযায়ী তাৰ এখন List বনাই ল'ব লাগিব audio/video book library ৰ পৰা কিতাপৰ নামবোৰ বাছনি কৰি কৰি । তাৰ পিছত প্ৰতিখন কিতাপ পঢ়োঁতে বা পঢ়া শেষ কৰাৰ পিছত তাৰ পৰা কি কি কথা শিকিলে বা কি কি কথাই আপোনাৰ মন চুই গ'ল তাৰ একোটা Note (টোকা) লিখি যাওঁক । তেনেদৰে কিতাপবোৰ পঢ়ি বা শুনি বা চাই থাকোঁতে কিতাপৰ বাহিৰৰো কিছুমান ভাৱ মনলৈ আহিব পাৰে । যিমান যি ভাৱ মনলৈ আহিব ধৰে, যিমানবোৰ লিপিবদ্ধ কৰিব পাৰে আৰু কামত আহিব পাৰে যেন অনুভৱ কৰে গোটেইবোৰ লিখি যাওঁক । পিছত তাৰ মাজৰ পৰা পছন্দৰ paragraph বোৰ অলপ সজাই পৰাই দিলেই আপোনাৰ ইউটিউব বা ব্লগৰ বাবে খুব উপযোগী content হৈ পৰিব । আপুনিও কৰি চাওঁক আৰু মতামত জনাওঁক ।
Importance of Monitoring || #Shorts My Thoughts
.Success ৰ কাৰণে important steps কেইটাৰ ভিতৰত প্ৰথমটো হৈছে Target Set কৰা, আৰু দ্বিতীয়টো হৈছে Action লোৱা, অৰ্থাৎ লক্ষ্যৰ দিশত আগবাঢ়া । কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান ভুল action লোৱা হয় যিয়ে আমাক লক্ষৰ দিশৰ পৰিবৰ্তে ভুল ৰাস্তাত ও লৈ যায় । তাৰ বাবে প্ৰয়োজন monitor কৰা । আমি লোৱা action বোৰ সঠিক হৈছে নে ভুল হৈছে সময়ে সময়ে সেয়া monitor কৰাৰ প্ৰয়োজন । আৰু এই Monitoring হৈছে success ৰ ক্ষেত্ৰত তৃতীয়টো step.
সময়ৰ হিচাপ : Measure of Time
আমি অতিবাহিত কৰা সময়ৰ প্ৰতিটো ক্ষণ বা পল সময়ৰ প্ৰকৃত হিচাপ নহয় । সেই সময়খিনিত কৰা কামৰ পৰিমাণেই হৈছে সেই সময় খিনিৰ প্ৰকৃত হিচাপ । ছেকেণ্ড, মিনিট, ঘণ্টা আদিৰে কৰা সময়ৰ গণনবোৰ প্ৰকৃতাৰ্থত আমাৰ কৃতকাৰ্যতাৰ ক্ষেত্ৰত সময়ৰ হিচাপ বুলি ক'ব নোৱাৰি । আমি চাব লাগে পাৰ কৰা কিমান সময়ৰ ভিতৰত আমি কিমানখিনি কাম সম্পূৰ্ণ কৰিব পাৰিছো । সেয়েহে এক ছেকেণ্ড সময়ো আমি আবাবত নষ্ট কৰিব নালাগে ।
My Thoughts | দিনলিপি | Diary #Shorts
দিনলিপি লিখা এটা ভাল অভ্যাস । বৰ্তমান আমি সকলোৱে খুব ব্যস্ত বাবে দিনলিপি লিখা কামটো সময় খৰচী বুলি অৱজ্ঞা কৰিবলৈ বাধ্য হওঁ । তাৰ ভিতৰত দুই এজনৰ হয়টো এই অভ্যাসটো আছে । কিন্তু ই বহুত কামৰ বস্তু । এই অভ্যাসৰ দ্বাৰা আমি কৰা কামবোৰ পৰ্যালোচনা কৰিব পাৰো, আমি কৰি থকা ভুলবোৰৰ উপলব্ধি কৰি নিজক ভাল দিশত আগুৱাই লৈ যোৱাৰ সজাগতা অনুধাৱন কৰিব পাৰো, সময়ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ক্ৰমান্নয়ে দক্ষতা বৃদ্ধি কৰিব পাৰোঁ, আৰু বহুতো দৰকাৰী তথ্য সংৰক্ষণ কৰিব পাৰোঁ । ই আমাৰ গতিপথ সলনি কৰাই উন্নতিৰ পথ মুকলি কৰি দিব পাৰে ।
আত্ম বিশ্লেষণ : Self Analysis
আত্ম-বিশ্লেষণ এটা খুব প্ৰয়োজনীয় আৰু ফলদায়ক কথা । আমি যদি 24 ঘণ্টাৰ ভিতৰত নিজৰ কাম কাজ চিন্তা ভাবনা বোৰ বিশ্লেষণ কৰাৰ কাৰণে এঘণ্টা সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে আমাৰ কমকাজবোৰ আৰু লগতে আমাৰ জীৱনটো যথেষ্ট সফল আৰু উন্নত কৰিব পাৰোঁ । দিনটোত কি ভাল কৰিলোঁ, কি বেয়া কৰিলোঁ, কিমানখিনি কৰিব পাৰিলো কিমানখিনি নোৱাৰিলোঁ, নোৱাৰাখিনি কিয় নোৱাৰিলোঁ, কি কৰিলে পাৰিম, কিহত সময় খৰচ কৰিলো, কিমান সময় অবাবত নষ্ট কৰিলোঁ, কিমান সময়ত কিমানখিনি কাম কৰিব পৰিলো, কাৰ লগত কি ভাল কথা পতিলো কি বেয়া কথা পাতিলো, কি লাভ হোৱা বা মন ভাল লগা কথা পতিলো আৰু কি লাভ নোহোৱা বা আনে বেয়া পোৱা কথা পতিলোঁ ইত্যাদি কথাবোৰ যদি আমি বিচাৰ কৰি চাওঁ প্ৰতিদিনে, আমি নিজকে বহুত উন্নত কৰিব পাৰিম ।
কেনেকৈ জুৰিব আপোনাৰ খৰচ আৰু সঞ্চয় : How will it meet your Expenses & Savings :
আপুনি বাৰু পইচা সাঁচিব পৰা নাই নেকি ? আপোনাৰ উপাৰ্জনৰ টকাৰে মাহটো নোজোৰে নেকি? আপোনাৰ উপাৰ্জনৰ পৰা সাচিবলৈ পইচা নাবচেই নেকি ? আপোনাৰ খৰচ কমাব পৰা নাই নেকি ? এইবোৰ সমস্যা আপুনি দুৰ কৰিব বিচাৰে কিন্তু সহজ উপায় পোৱা নাই, নহয় জানো? ইন্টাৰনেটত, ইউটিউবত, ফেচবুকত বহুতো উপায় পাইছে যদিও আপোনাৰ লগত খাপ খোৱা নাই বা জটিল পাইছে সেইবোৰ কাৰ্য্যকৰী কৰিবলৈ । উপায় আছে, আৰু আটাইতকৈ সহজ ও । মাত্ৰ এটা কাম কৰক আপুনি । প্ৰতিদিনৰ খৰছবোৰ আপুনি প্ৰতিদিনে কৰবাত লিখি যাওঁক আপোনাৰ সুবিধা অনুযায়ী । লিখাৰ পিছত মাজে সময়ে সেইবোৰত চকু ফুৰাওক । ইয়ে আপোনাৰ সকলো পথ দেখুৱাব খৰচ কমোৱাৰ ক্ষেত্ৰত, সঞ্চয় কৰাৰ ক্ষেত্ৰত লগতে আপোনাক সজাগ কৰি তুলিব বিত্ত পৰিচালনাৰ ক্ষেত্ৰত আৰু এখোজ দুখোজকৈ উন্নত কৰি তুলিব আপোনাৰ বিত্তীয় সিদ্ধান্ত আৰু বিত্তীয় পৰিচালনাৰ কৌশল আপুনি গম নোপোৱাকৈ ।
আমি আনৰ ভুলৰ পৰাও শিকা উচিত : We should learn from someone’s mistakes :
আমি ভুল কৰি ভুল বুলি গম পোৱাৰ পিছত আমাৰ অনুশোচনা হয় আৰু উপলব্ধি হয় আৰু সেই ভুলৰ পৰা যি শিকোঁ সেয়াই আমাৰ অভিজ্ঞতা । কিন্তু, সেই অভিজ্ঞতা হ'বলৈ আমাৰ যথেষ্ট সময় লাগি যায় সেই ভুলটো বুজি উঠালৈ আৰু উপলব্ধি হোৱালৈ । কেতিয়াবা সেই ভুলৰ পৰিণতি হিচাপে বহুত ডাঙৰ লোকচান বা ক্ষতি ও হয় আৰু তাৰ পিছতহে আমাৰ সেই ভূলৰ শিক্ষা বা অভিজ্ঞতা হয় । কিন্তু, সেই ভুলটো যদি আন কোনোবাই কৰিলেহেঁতেন, তেতিয়া সেইটো উপলব্ধি কৰিবলৈ আমাৰ সেই ভুলটো কৰাজনৰ সমান সময় নষ্ট নহ'লহেঁতেন আৰু তেওঁ কৰা লোকচান বা ক্ষতি আমাৰ নহ'লহঁতেন । গতিকে এইটো ক'ব পাৰি যে আনৰ ভুলৰ পৰা শিক্ষা ল'লে আমাৰ ক্ষয় ক্ষতিৰ সম্ভাৱনা নাথাকে যিটো আমি নিজে কৰা ভুলৰ ফলত হোৱাটো স্বাভাৱিক । সেয়ে আমি আনৰ ভুলৰ পৰা শিকা উচিত ।
চিন্তাধাৰা : (Mentality):
আমি সকলো কথা কেৱল negatively ভাবিব নালাগে । কিয়নো, তেনে কৰিলে আমি কিছুমান opportunity miss কৰিব পাৰোঁ । আকৌ যিকোনো কথা অকল positively ও ভাবিব নালাগে । কাৰণ, তেনে কৰিলে আমাৰ কিবা নহয় কিবা লোকচানো হ'ব পাৰে বা বিপদতো পৰিব পাৰো । আৰু কোনো কথা nutrally ভাবি litely ও ল'ব নালাগে । তেনে কৰিলেও কেতিয়াবা আমাৰ অনুশোচনা হ'ব পাৰে কিয় litely লৈ অবহেলা কৰিছিলোঁ বুলি । গতিকে আমি কোনো এটা কথা positive, negative আৰু nutral এই তিনিও ধৰণে ভাবি তাৰ ভাল, বেয়া, লাভ, লোকচান, গুৰুত্ব আদি বিচাৰ কৰি চাই বিবেকেৰে সিদ্ধান্ত লোৱা উচিত ।
সমস্যাৰ ভাল আৰু বেয়া দিশ : Positive & Negative Aspects of A Problem
https://youtu.be/S9lDuFK5-nw
কটাৰী আমি ব্যৱহাৰ কৰো পাচলি আদি কিবা কিবি বস্তু কাটিবলৈ । কিন্তু, সেই কটাৰীখন কেতিয়াবা ধৰাত বেয়া হ'লে বা ভালদৰে কাতিব নাজানিলে আমাৰ হাত কাটে । ঠিক তেনেদৰে সমস্যা এটা চম্ভালি ল'ব জানিলে সি আমাক আগতকৈ আৰু বেছি শক্তিশালী কৰি তোলে, আনহাতে সেই সমস্যাটোৰ পৰা আঁতৰি ফুৰিলে বা আওঁকান কৰিলে সিয়ে আমাক বিধ্বস্ত কৰি পেলাব পাৰে ।
: সমস্যাই মানুহক শক্তিশালী কৰে :যিমানেই সমস্যাৰ মুখামুখি হ'ব সিমানেই শক্তিশালী হ'ব । সমস্যা এটাৰ পৰা আঁতৰি থকাৰ সলনি যদি আমি তাৰ মুখামুখি হওঁ, তেতিয়াহ'লে সেই সমস্যাটোৰ প্ৰতি আমাৰ ভয় কমি যায় আৰু সমস্যাটো সমাধান কৰাৰ পিছত আমাৰ মনত সাহস আহে সেই সমস্যাটোৰ দৰে আন সমস্যা এটা মুখামুখি হোৱাৰ । এনেদৰে সাহসেৰে যিমানেই সমস্যাৰ মুখামুখি হৈ সমাধান কৰি যোৱা যাব সিমানেই শক্তিশালী হোৱা যায় আৰু এটা সময়ত কোনো সমস্যাৰ প্ৰতিয়েই মনত ভয়ভাব নাহিব । বৰঞ্চ অনায়াসে সংকল্প ল'ব পৰা যাব সমুখত থকা যিকোনো সমস্যাৰ সমাধান কৰিবলৈ আৰু কেনেদৰে সমাধান কৰিব পৰা যাব তাৰ কৌশল আৰু বুদ্ধিও মনলৈ আহিব ।সমস্যাই মানুহক শক্তিশালী কৰে : Problem makes man Strong #Shorts
https://youtu.be/dl2bsMcyvrY
Extra Earning #shorts
: Extra Earning :
Extra Earning ৰ আশাত যাৰ তাৰ যি টি কথাত ভুল নাযাব । আমি বহুতেই অনলাইন earning ৰ উপায় বিচাৰো আৰু ইণ্টাৰনেটত তেনেকুৱা কিবা উপায়ৰ কথা উল্লেখ কৰা ব্লগ, video আদি দেখিলে সেইবোৰ try কৰিব আৰম্ভ কৰো । তাৰে সকলোবোৰ genuine নহ'বও পাৰে যাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ লোকচান হ'ব পাৰে । সেয়েহে সেইবোৰ আমি ভালদৰে চালি জাৰি চাই লোৱা দৰকাৰ । যিবোৰ ৱেবচাইট এ fraud কৰে সেইবোৰৰ কথাটো বাদেই ।কিন্তু, ক'ব বিচাৰিছোঁ যিসকলে সেই উপাৰ্জনৰ উপায় সমূহৰ সন্ধান দিয়ে ইউটিউব video, blog আদি বনাই, তেওঁলোকেনো কিয় আমাক mislead কৰে ! এই ক্ষেত্ৰত আমি বুজিব লাগিব কিছুমানে নিজৰ ব্লগ বা video চলিবলৈ তাৰ দ্বাৰা নিজৰ income হ'বলৈ তেনেকুৱা content use কৰি ব্লগ, video আদি বনায় । কিছুমানে আকৌ সেইবোৰৰ ভাল বেয়া বা সত্যাসত্যতা নজনাকৈয়ে বনাই দিয়ে । গতিকে এনে বহু কাৰণ থাকিব পাৰে । যিয়েই নহওঁক আমি তাত এটা কথা বিচাৰ কৰি চাব লাগে, যি অনলাইন কামৰ বিনিময়ত আমি উপাৰ্জন কৰিম, তাৰ বাবে আমি যাৰ কাম কৰি দিম সেই ৱেবচাইট বা company ৰ কিবা লাভ হ'বনে নহয় ? যদি নহয় তেনেহলে আমাক কোনেও free তে টকা নিদিয়ে । এই কথা মনত ৰাখি সেই company বা ৱেবচাইট ৰ বিষয়ে নিজাকৈ research কৰি চাই হে আগবঢ়া উচিত ।
স্থাগিতকৰণ : Postponing
https://youtu.be/IKFfp9TNQbI
সমস্যাৰ মোকাবিলা
Lovlina Borgohain : লাভলীনা বৰগোহাঁই #Shorts
https://youtu.be/f0-KGXr6INU
ধাৰণা : Mindset #Shorts
https://youtu.be/jDJHK0zTf5s
: ধাৰণা :
সকলো সময়তে নিজৰ ধ্যান ধাৰণাকে শুদ্ধ বুলি ভাবি থকাটো উচিত নহয় । নিজৰ ধ্যান ধাৰণাক যুক্তিৰে বিচাৰ কৰি চোৱা উচিত । নিজক আনৰ ঠাইত ৰাখিও সেই ধ্যান ধাৰণা বিচাৰ কৰি চাব লাগে । কেতিয়াবা আনৰ মতামতৰ সত্যাসত্যতাঁ আৰু যুকিযুক্ততাও বিচাৰ কৰি নিজৰ ধ্যান ধাৰণাৰ লগত তুলনা কৰি চোৱা উচিত । নিজৰ ধাৰণা কেতিয়াবা ভুল ও হোৱাটো স্বাভাৱিক । গতিকে নিজৰ ধাৰণাই শুদ্ধ বুলি ভবাৰ বিপৰীতে এনেদৰে ভবা উচিত যে নিজৰ ধাৰণাটো শুদ্ধও হ'ব পাৰে, ভুলো হ'ব পাৰে । সেয়া ভালদৰে বিচাৰ কৰি ভুল হলে শুধৰাই ল'ব লাগিব আৰু শুদ্ধ হ'লে তাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব । সেইবুলি সদায় নিজৰ ধাৰণাক ভুল বুলিও ভাবি থাকিব নালাগে । তেনে কৰিলে হীনম্যতাত ভোগা হ'ব আৰু নিজৰ ওপৰত আত্মবিশ্বাস নাথাকিব।