সংবাদদাতা, টংলা : ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি, নেহৰু যুৱ কেন্দ্ৰ,জিলা আইন সেৱা প্ৰাধিকাৰী আৰু ব্লাড বেংক, ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত ৰক্তদান কেন্দ্ৰ এটি বৃহস্পতি বাৰে ওদালগুৰি অসামৰিক চিকিৎসালয়ত উদ্বোধন কৰে ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনে। উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ জিলা সভাপতি ডালিম বায়নে।
উপস্থিত থাকে ৰঞ্জীতা আগৰৱালা (চি জে এম), জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদক অজয় কুমাৰ বসুমেতাৰী,নেহৰু যুৱ কেন্দ্ৰ ওদালগুৰিৰ সঞ্চালক এছ আৰ দেৱ, ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ ডঃ এছ কে দে ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক তৈয়ুবৰ ৰহমানে। জিলা উপায়ুক্ত পি উদয় প্ৰবীণ আৰু নেহৰু যুৱ কেন্দ্ৰৰ সঞ্চালক এছ আৰ দেৱে ৰক্তদানৰ জৰিয়তে
মানুহে মানুহক সহায় কৰিবৰ বাবে উৎসাহ প্ৰদান কৰাৰ লগতে কয় এটোপাল ৰক্তদানে এজন অসুস্থ ব্যক্তিক মহৎ উপকাৰ সাধন কৰিব পাৰে। ৰক্তদানৰ সজাগতা সভাৰ জৰিয়তে মানুহৰ মাজলৈ অধিক প্ৰসাৰিত কৰিব লাগিব বুলিও কয়। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটিৰ ওদালগুৰি জিলা শাখাৰ সম্পাদক মিলন দাসে শলাগৰ শৰাই আগবঢ়াই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
Read the full article